MyPills.in

MyPills.in Welcome to Assam's most trusted Online Pharmacy and Health Website "MyPills.in".

ঘৰতে পাব এই ১০ বিধ দেহত অক্সিজেন বেছিকৈ যোগান ধৰিব পৰা খাদ্য:-  ১) পালেং শাক  :- আমি বসবাস কৰা পৃথিৱী গ্ৰহৰ আটাইতকৈ স্বা...
07/06/2021

ঘৰতে পাব এই ১০ বিধ দেহত অক্সিজেন বেছিকৈ যোগান ধৰিব পৰা খাদ্য:-

১) পালেং শাক :- আমি বসবাস কৰা পৃথিৱী গ্ৰহৰ আটাইতকৈ স্বাস্থ্যকৰ খাদ্য হ’ল পালেং শাক। এই শাকত যথেষ্ট পৰিমাণে আইৰন আছে সেয়ে ই মানৱ দেহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হয়।
২) ইস্কছ :- ইয়াত যথেষ্ট পৰিমাণে ভিটামিন, মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট পোৱা যায় যাৰ ফলত ই দেহৰ কোষ সমূহত প্ৰচুৰ পৰিমাণে অক্সিজেন যোগান ধৰিবলৈ সক্ষম হয়।
৩) তৰমুজ :- যথেষ্ট পৰিমাণৰ পানী আৰু লাইকোপেন নামৰ এন্টী-অক্সিডেণ্ট ৰে ভৰপূৰ হোৱা বাবে এই তৰমুজ খালে দেহৰ কোষবোৰে পৰ্যাপ্ত পৰিমানে অক্সিজেন লাভ কৰিবলৈ সক্ষম হয়।
৪) মিঠা আলু :- পৰ্যাপ্ত পৰিমাণৰ মেগনেছিয়াম, পতাচিয়াম আৰু এন্টী-অক্সিডেণ্ট থকা হেতুকে দেহৰ কোষক যথেষ্ট অক্সিজেন যোগান ধৰিব।
৫) মাংস :- প্ৰটিন আৰু আইৰনৰ ভঁৰাল হৈছে মাংস। আৰু আইৰন হৈছে দেহৰ কোষলৈ অক্সিজেন কঢ়িয়াই নিয়া ঘাই উপাদান।
৬) আনৰস :- ভিটামিন C আৰু এন্টী-অক্সিডেণ্ট ৰ ভঁৰাল হৈছে আনৰস। এই ভিটামিন C আৰু এন্টী-অক্সিডেণ্ট এ দেহৰ কোষত জমা হোৱা বিশাক্ত ফ্ৰি ৰেদিকেল সমূহ নিষ্কাষণ কৰি কোষ সমূহলৈ অক্সিজেন প্ৰবাহৰ গতি দৃঢ় কৰিব পাৰে।
৬) মাছ :- প্ৰটিন আৰু আইৰনৰ ভঁৰাল এই জলচৰ প্ৰাণী মাছ। ফলতে মাছ খালে দেহৰ কোষ সমূহে যথেষ্ট পৰিমানৰ অক্সিজেন লাভ কৰে।
৭) নেমু :- এস্কৰবিক এচিড অৰ্থত ভিটামিন C আৰু ঋণাত্মক আইনৰে ভৰপূৰ এই নেমু খালে কোষ সমূহত অক্সিজেনৰ মাত্ৰা বৃদ্ধি হয়। দিনটোৰ ভিতৰতে এবাৰ এগিলাচ নেমু পানীয়ে দেহৰ কোষক ভৰপূৰ অক্সিজেন প্ৰদান কৰিব।
৮) বন্ধাকবি/ফুলকবি :- মিনাৰেল, ভিটামিন আৰু এন্টী-অক্সিডেণ্ট সকলো বোৰ পৰিপোষক দ্ৰব্য উপলব্ধ। সেই বাবে এই খাদ্যভাগে দেহৰ কোষক অধিক মাত্ৰাত অক্সিজেন প্ৰদান কৰিব পাৰে।
৯) কল :- প্ৰচুৰ মাত্ৰাত ভিটামিন, মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট ভৰপুৰ এই কল পৃথিৱীৰ উত্তম ফল। এই ফল খালে দেহৰ কোষ সমূহে প্ৰচুৰ পৰিমাণে অক্সিজেন লাভ কৰে।
১০) খেজুৰ :- প্ৰতিদিনে তিনিটা কৈ খেজুৰ খালে দেহৰ কোষ সমূহে প্ৰচুৰ পৰিমাণে অক্সিজেন লাভ কৰিব। কিয়নো খেজুৰ ত প্ৰচুৰ পৰিমাণে লাইকোপেন , ভিটামিন D , মিনাৰেল আৰু এন্টী-অক্সিডেণ্ট থাকে।

Address

Bhangagarh
Bhangagarh
781032

Alerts

Be the first to know and let us send you an email when MyPills.in posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share