27/08/2026
ৰেইকি অনুশীলন আৰু আমি ০০ আত্ম-আৱিষ্কাৰৰ এক শান্তিৰ যাত্ৰা...।
ৰেইকি নিজৰ অন্তৰ্জগতৰ সৈতে সংযোগ স্থাপন কৰাৰ এক সুন্দৰ যাত্ৰা। প্ৰতিদিনে কিছু সময় নিজকে দি, শান্তভাৱে বহি, শ্বাস-প্ৰশ্বাসৰ প্ৰতি সচেতন হৈ আৰু ৰেইকি অনুশীলন কৰি আমি নিজৰ মনটোক প্ৰতিপালন কৰাতো অতিকে প্ৰয়োজনীয়।আজি পৰিবেশ পৰিস্থিতিয়ে দাবী কৰে যোগ আৰু ধ্যানক নিজৰ জীৱনৰলৈ স্বাগতম জনোৱাৰ বাবে।
প্ৰায়ে জীৱনত পৰিস্থিতি আমাৰ ইচ্ছামতে নচলে। মনত দুশ্চিন্তা আহে, ক্লান্তি আহে, হতাশা আহে।লগে লগে দুৰ্ভাৱনাৰ পাহাৰ এটা সমুখত প্ৰত্যাহ্বান হৈ পৰে।কিন্তু সেই মুহূৰ্তবোৰতেই নিজকে অলপ সময় দিয়াটো অতি প্ৰয়োজনীয়।
নিজৰ ওপৰত লোৱা প্ৰাৰ্থমিক কৰণীয় এনে হোৱাটো প্ৰয়োজন---
চকু দুটা মুদি, গভীৰভাৱে শ্বাস লওক আৰু মনৰে স্পষ্ট আৰু সবলকৈ কওক---
“মই শান্ত।
মই সচেতন।
মই নিজৰ প্ৰতি মৰমিয়াল।
মই প্ৰতিদিনে নিজকে নতুনকৈ আৱিষ্কাৰ কৰি আছোঁ।”
এনেদৰে নিজে নিজৰ ওচৰত প্ৰয়োগ কৰা Affirmation ৰ দ্বাৰা বহুত বহুত শক্তিশালী আৰু উৰ্জাবান হৈ থাকিব পাৰি।
ৰেইকি অনুশীলনৰ দ্বাৰা আমাক নিজৰ ভিতৰলৈ চাবলৈ, নিজৰ অনুভূতিক সন্মান কৰিবলৈ আৰু জীৱনৰ প্ৰতি ইতিবাচক মনোভাৱ গঢ়িবলৈ উৎসাহিত কৰে।
সকলো কামতে নিয়মীয়াকৈ অনুশীলন আৱশ্যক।
প্ৰথম দিনতেই বিশেষ অনুভূতি নাহিলেও হতাশ হ'ব নালাগে।অনুশীলনৰ পথত ধৈৰ্য, বিশ্বাস আৰু নিয়মিত অভ্যাসেই গুৰুত্বপূৰ্ণ কথা। কেতিয়াবা পৰিৱৰ্তন নিঃশব্দে আহে—মনটো অলপ শান্ত হয়, নিজৰ প্ৰতি সচেতনতা বৃদ্ধি পায়, আৰু জীৱনৰ সৰু সৰু সৌন্দৰ্যবোৰ নতুনকৈ অনুভৱ কৰিবলৈ আৰম্ভ হয়।
মনত ৰাখিব লগা কথা হৈছে—
> এটা সৰু অনুশীলনে,এদিন এটা সুন্দৰ অভ্যাসলৈ পৰিণত হয়, আৰু এটা সুন্দৰ অভ্যাসেই জীৱনত ইতিবাচক পৰিৱৰ্তনৰ দুৱাৰ মুকলি কৰিব পাৰে।”
সকলোৰে ভালেই ভাল হওক। শ্ৰদ্ধাৰে,ভালপোৱাৰে সকলোৰে ওচৰত আমি কৃতজ্ঞ 🙏