MUNS 555 Healing WORLD

MUNS 555 Healing WORLD � Welcome to MUNS 555 Healing World
� Meditation | Yoga | Reiki Seminars
� Awaken and Heal.

ৰেইকি অনুশীলন আৰু আমি ০০ আত্ম-আৱিষ্কাৰৰ এক শান্তিৰ যাত্ৰা...।ৰেইকি নিজৰ অন্তৰ্জগতৰ সৈতে সংযোগ স্থাপন কৰাৰ এক সুন্দৰ যাত্...
27/08/2026

ৰেইকি অনুশীলন আৰু আমি ০০ আত্ম-আৱিষ্কাৰৰ এক শান্তিৰ যাত্ৰা...।

ৰেইকি নিজৰ অন্তৰ্জগতৰ সৈতে সংযোগ স্থাপন কৰাৰ এক সুন্দৰ যাত্ৰা। প্ৰতিদিনে কিছু সময় নিজকে দি, শান্তভাৱে বহি, শ্বাস-প্ৰশ্বাসৰ প্ৰতি সচেতন হৈ আৰু ৰেইকি অনুশীলন কৰি আমি নিজৰ মনটোক প্ৰতিপালন কৰাতো অতিকে প্ৰয়োজনীয়।আজি পৰিবেশ পৰিস্থিতিয়ে দাবী কৰে যোগ আৰু ধ্যানক নিজৰ জীৱনৰলৈ স্বাগতম জনোৱাৰ বাবে।

প্ৰায়ে জীৱনত পৰিস্থিতি আমাৰ ইচ্ছামতে নচলে। মনত দুশ্চিন্তা আহে, ক্লান্তি আহে, হতাশা আহে।লগে লগে দুৰ্ভাৱনাৰ পাহাৰ এটা সমুখত প্ৰত্যাহ্বান হৈ পৰে।কিন্তু সেই মুহূৰ্তবোৰতেই নিজকে অলপ সময় দিয়াটো অতি প্ৰয়োজনীয়।
নিজৰ ওপৰত লোৱা প্ৰাৰ্থমিক কৰণীয় এনে হোৱাটো প্ৰয়োজন---
চকু দুটা মুদি, গভীৰভাৱে শ্বাস লওক আৰু মনৰে স্পষ্ট আৰু সবলকৈ কওক---

“মই শান্ত।
মই সচেতন।
মই নিজৰ প্ৰতি মৰমিয়াল।
মই প্ৰতিদিনে নিজকে নতুনকৈ আৱিষ্কাৰ কৰি আছোঁ।”
এনেদৰে নিজে নিজৰ ওচৰত প্ৰয়োগ কৰা Affirmation ৰ দ্বাৰা বহুত বহুত শক্তিশালী আৰু উৰ্জাবান হৈ থাকিব পাৰি।

ৰেইকি অনুশীলনৰ দ্বাৰা আমাক নিজৰ ভিতৰলৈ চাবলৈ, নিজৰ অনুভূতিক সন্মান কৰিবলৈ আৰু জীৱনৰ প্ৰতি ইতিবাচক মনোভাৱ গঢ়িবলৈ উৎসাহিত কৰে।

সকলো কামতে নিয়মীয়াকৈ অনুশীলন আৱশ্যক।
প্ৰথম দিনতেই বিশেষ অনুভূতি নাহিলেও হতাশ হ'ব নালাগে।অনুশীলনৰ পথত ধৈৰ্য, বিশ্বাস আৰু নিয়মিত অভ্যাসেই গুৰুত্বপূৰ্ণ কথা। কেতিয়াবা পৰিৱৰ্তন নিঃশব্দে আহে—মনটো অলপ শান্ত হয়, নিজৰ প্ৰতি সচেতনতা বৃদ্ধি পায়, আৰু জীৱনৰ সৰু সৰু সৌন্দৰ্যবোৰ নতুনকৈ অনুভৱ কৰিবলৈ আৰম্ভ হয়।

মনত ৰাখিব লগা কথা হৈছে—

> এটা সৰু অনুশীলনে,এদিন এটা সুন্দৰ অভ্যাসলৈ পৰিণত হয়, আৰু এটা সুন্দৰ অভ্যাসেই জীৱনত ইতিবাচক পৰিৱৰ্তনৰ দুৱাৰ মুকলি কৰিব পাৰে।”

সকলোৰে ভালেই ভাল হওক। শ্ৰদ্ধাৰে,ভালপোৱাৰে সকলোৰে ওচৰত আমি কৃতজ্ঞ 🙏

19/08/2026

🌿 MUNS 555 HEALING WOULD 🌿

✨ Access Bars Therapy ✨

মনৰ অস্থিৰতাৰ পৰা শান্তিৰ দিশে এক কোমল যাত্ৰা....🩷
# আপুনি সদায় মানসিক চাপ, অতিমাত্ৰা চিন্তা, অস্থিৰতা বা দৈনন্দিন জীৱনৰ ব্যস্ততাত ক্লান্ত অনুভৱ কৰিছে যদি..
নিজৰ বাবে অলপ সময় উলিয়াই মন আৰু শৰীৰক গভীৰভাৱে শিথিল কৰাৰ এক সুন্দৰ সুযোগ লওক।

# Access Bars Therapy হৈছে এক complementary wellness therapy, য’ত মূৰৰ নিৰ্দিষ্ট স্থানসমূহত অতি কোমল স্পৰ্শৰ জৰিয়তে relaxation আৰু মানসিক স্বস্তিৰ অনুভূতি লাভ কৰাত সহায় কৰা হয

# লাভালাভ :---

-- মানসিক চাপ আৰু টেনশ্যন কমকৈ অনুভৱ কৰাত সহায়
--মন আৰু শৰীৰত গভীৰ relaxation
--শান্তি আৰু মানসিক স্বস্তিৰ অনুভূতি
--টোপনি আৰু বিশ্ৰাম উন্নত হোৱাত সহায়
-- নিজৰ চিন্তা আৰু আবেগৰ প্ৰতি সচেতনতা বৃদ্ধি
--দৈনন্দিন জীৱনত ইতিবাচক আৰু শান্ত মানসিক পৰিৱেশ গঢ়ি তোলাত সহায়।
--বহু দিশত থকা বাধাসমূহ আঁতৰাত সহায়।
' MUNS 555 HEALING WOULD' ক্লিনিকৰ তৰফৰ পৰা আপোনালোকলৈ আগবঢ়াইছে বিশেষ অফাৰ--
পৱিত্ৰ ভাদ মাহৰ উপলক্ষে এই সুযোগ প্ৰদান কৰা হৈছে।

📍 Access Bars Therapy Session উপলব্ধ 22,23, আৰু 24 আগষ্টত।(বিশেষ অফাৰ মূল্যত)
📞 যোগাযোগ / Registration: ( 9101175761)
📅 Session Booking: আগতীয়াকৈ যোগাযোগ কৰক।
# আসন সীমিত।

18/08/2026

ল' অৱ ভাইব্ৰেশ্যন : কম্পনৰ মহাজাগতিক তত্ব--

কম্পন শব্দটোৰ অৰ্থ হৈছে লৰচৰ কৰা, গতি বা স্পন্দন। বিজ্ঞানৰ দৃষ্টিয়ে অণু,পৰমাণু,তৰংগ, শব্দ আৰু পোহৰ আদি বিভিন্ন দিশত বৈজ্ঞানিক দৃষ্টিভংগীৰে বহল ব্যাখ্যা আৰু আলোচনা আমি পাওঁ। কিন্তু আধ্যাত্মিক ক্ষেত্ৰত 'কম্পন' বিষয়টোক অলপ বেলেগকৈ চোৱা হয়। বিশেষকৈ আধ্যাত্মিক ক্ষেত্ৰত 'কম্পন' ক মানুহৰ বডি' ফিকুৱেঞ্চি বিষয়েও চৰ্চা কৰা হয়। মানুহৰ চিন্তা, অনুভৱ-অনুভূতি,মানসিক অৱস্থা আদি ওপৰত নিৰ্ভৰ কৰি বিচাৰ কৰা হয়।
আমাৰ প্ৰত্যেকৰে শৰীৰ উচ্চ আৰু নিম্ন কম্পন বা ফিকুৱেঞ্চি ত চলি থাকে। নিম্ম কম্পনত নিম্নস্তৰৰ বস্তু আকৰ্ষণ হ'ব আৰু উচ্চ কম্পনত উচ্চস্তৰৰ বস্তু আকৰ্ষণ হয়,এয়া ব্ৰক্ষ্মাণ্ডৰ নিয়ম।

উচ্চ কম্পন---প্ৰেম, শান্তি, কৃতজ্ঞতা, সহানুভূতি,কৰুণা,ক্ষমা,এৰা-ধৰা আদি।

নিম্ন কম্পন--ভয়, ঘৃণা,খং,ঈষা, পঞ্জীভূত বেদনা আদি।

মানুহৰ মনৰ চিন্তা -ভাৱনাৰ মানসিক অৱস্থাৰ পৰাই আমাৰ অন্ত:গহ্বৰত কম্পন বা ভাইব্ৰেশ্যন সৃষ্টি হয় আৰু তাৰ পৰাই আৰম্ভ হয় আমাৰ জীৱনলৈ কেনেধৰণৰ বিষয় বা পৰিস্থিতি আকৰ্ষণ কৰোঁ বা কৰিম। ভাল অথবা বেয়া আকৰ্ষণ কৰাত নিজেই দায়বদ্ধ হৈ পৰে।
সেয়ে আধ্যাত্মিক সাধনা যেনে--যোগ-ধ্যান,ৰেইকি অনুশীলনত কোৱা হয়---'চিন্তা সলনি কৰা, চেতনাৰ দিশ সলনি কৰা,তেতিয়া জীৱনৰ পথো সলনি হৈ পৰিব'।
আমাৰ শৰীৰৰ ফিকুৱেঞ্চি বা কম্পন উচ্চ হোৱাটো অতিকে প্ৰয়োজন।
এনে অনুশীলন তথা বৈজ্ঞানিক দৃষ্টিভংগীৰে ক্লাছসমূহ শুভেচ্ছামূলক ভাৱে সামান্য এনাৰ্জি এক্সচেঞ্জৰে 'MUNS 555 HEALING WOULD ' ক্লিনিকত পৰৱৰ্তী সময়ত আগবঢ়োৱা হ'ব।

ভালে থাকক,কুশলে থাকক সকলো।
সকলোৰে কাৰণে ব্ৰক্ষ্মাণ্ডৰ ওচৰত প্ৰাৰ্থনা জনাওঁ --সকলোৰে জীৱন হৈ পৰক শক্তিশালী, সবল,সুস্থ,অনুপম।
সকলোলৈকে মোৰ ভালপোৱা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ 🙏🩷🌹

 # ৰেইকি অনুশীলনৰ দ্বাৰা আমি কেনেদৰে লাভাম্বিত হ'ব পাৰোঁ :০০ মানসিক শান্তি — মনৰ অস্থিৰতা আৰু উদ্বেগ কমাই শান্ত অনুভৱ কৰ...
17/08/2026

# ৰেইকি অনুশীলনৰ দ্বাৰা আমি কেনেদৰে লাভাম্বিত হ'ব পাৰোঁ :

০০ মানসিক শান্তি — মনৰ অস্থিৰতা আৰু উদ্বেগ কমাই শান্ত অনুভৱ কৰাত সহায় কৰিব পাৰে।

০০ শৰীৰ-মন শিথিলতা — ধ্যানৰ দ্বাৰা গভীৰ relaxation অনুভৱ কৰিব পাৰি।

০০ টোপনি উন্নত কৰাত সহায়ক— নিয়মিত অনুশীলনে ভাল টোপনিৰ সহায়ক হ’ব পাৰে।

০০ মানসিক চাপ কমোৱা — দৈনন্দিন stress আৰু মানসিক ক্লান্তি হ্ৰাস কৰাত সহায় কৰিব পাৰে।

০০ আত্মসচেতনতা বৃদ্ধি — নিজৰ চিন্তা, অনুভূতি আৰু আচৰণক অধিক সচেতনভাৱে লক্ষ্য কৰিবলৈ সহায় কৰে।

০০ ইতিবাচক মনোভাৱ — কৃতজ্ঞতা ,ক্ষমা আৰু আত্মবিশ্বাসী কৰি তোলে।
০০ প্ৰাকৃতিকভাৱে আত্মচিকিৎসা আৰু আনৰো দৈহিক -মানসিক আৰোগ্যকৰণ কৰিব পাৰি।
০০ এজন হিলাৰ হিচাপে গঢ়িব পাৰি।

আগ্ৰহী জনক স্বাগতম ২৩/৮/২০২৬ তাৰিখ ৰবিবাৰলৈ🙏

পৃথিৱীত কেতিয়াবা সময়ে সময়ে কিছুমান মহান ব্যক্তিৰ আবিৰ্ভাৱ ঘটে, যিসকলে কেৱল নিজৰ জীৱনকেই সাৰ্থক নকৰে, বৰং সমগ্ৰ মানৱজা...
16/08/2026

পৃথিৱীত কেতিয়াবা সময়ে সময়ে কিছুমান মহান ব্যক্তিৰ আবিৰ্ভাৱ ঘটে, যিসকলে কেৱল নিজৰ জীৱনকেই সাৰ্থক নকৰে, বৰং সমগ্ৰ মানৱজাতিৰ বাবে এক নতুন পথৰ সন্ধান দি যায়। ড° মিকাও উচুই তেনে এগৰাকী মহান পুৰুষ , যাৰ নাম ৰেইকি সাধনা আৰু আত্ম-আৰোগ্যৰ ইতিহাসৰ সৈতে গভীৰভাৱে জড়িত। প্ৰতি বছৰে ১৫ আগষ্ট দিনটোত ৰেইকি মাধ্যমসকলে তেওঁক শ্ৰদ্ধাৰে স্মৰণ কৰে আৰু তেওঁৰ জন্মদিনটোক এক পবিত্ৰ দিন হিচাপে গণ্য কৰি আহিছে। আজি এই দিনটোত মহান গুৰুজনাক আমিও শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছোঁ 🙏।

30/07/2026

🌸🙏 শুভ সময় 🙏🌸

🪷 সকলোৰে মংগল আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। 🪷

অতি আনন্দৰে আপোনালোকক জনাইছোঁ যে, অহা ১৫ আগষ্টৰ পৰা আমাৰ
✨ “MUNS 555 HEALING WORLD” Clinic ✨
ত বিভিন্ন ক্লাছ আৰু থেৰাপি পুনৰ আৰম্ভ হ’ব।

🌿 আমাৰ প্ৰশিক্ষণমূলক ক্লাছসমূহ—

১️⃣ ৰেইকি ক্লাছ
🔹 প্ৰথম স্তৰ (First Level)
🔹 দ্বিতীয় স্তৰ (Second Level)
🔹 ইনটেনচিভ (Intensive Level)
🔹 তৃতীয় স্তৰ (Third Level)
🔹 মাষ্টাৰ লেভেল (Master Level)

২️⃣ ধ্যান (Meditation) ক্লাছ (online/ofline)🧘‍♀️

৩️⃣ যোগ (Yoga) ক্লাছ 🌿(online/ofline)

৪️⃣ Manifestation with Advanced Meditation Class ✨(online/ofline)

৫️⃣ Money Class 💰
💻 Online Class

৬️⃣ Youthfulness Class 🌸
💻 Online Class

🌺 আমাৰ থেৰাপিসমূহ—

✨ Reiki Healing
🔹 দূৰত্বভিত্তিক ৰেইকি হিলিং
🔹 আৰোগ্য আৰু সুস্থতা-কেন্দ্ৰিক সহায়ক অনুশীলন
🔹 ব্যক্তিগত প্ৰয়োজন অনুসৰি হিলিং চেছন

✨ Access Bars Therapy
🔹 মানসিক চাপ হ্ৰাস আৰু মনক শিথিল কৰাৰ উদ্দেশ্যে
🔹 বিশেষকৈ ছাত্ৰ-ছাত্ৰীৰ মনোযোগ, আত্মবিশ্বাস আৰু মানসিক স্বস্তিৰ বাবে সহায়ক ।সকলো বয়সৰ লোকে প্ৰয়োজনসাপেক্ষে এই থেৰাপি ল'ব পাৰে।

🌼 Registration আৰু অধিক তথ্যৰ বাবে যোগাযোগ কৰক—

📞 9101175761

🙏 নিজৰ অন্তৰৰ শক্তিক জাগ্ৰত কৰক, মনক শান্ত কৰক আৰু এক সুন্দৰ, ইতিবাচক জীৱনৰ দিশে আগবাঢ়ক।

🌸 আপোনালোকৰ মৰম, সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিলোঁ। 🌸

🪷✨ MUNS 555 HEALING WORLD ✨🪷

25/07/2026

অ’ৰা (উৰ্জা )আৰু নিউৰ’চাইন্স

----নিৰ্মালি শইকীয়া।

আমি কেতিয়াবা লক্ষ্য কৰিলে দেখা পাওঁ —কিছুমান মানুহ কোঠাত সোমোৱাৰ লগে লগে সকলোৰে দৃষ্টি তেওঁলোকৰ ফালে ঘূৰি যায়, তেওঁলোকে একো বিশেষ নক’লেও, তেওঁলোকৰ উপস্থিতিয়েই যেন এক শক্তিশালী অনুভূতি সৃষ্টি কৰে। এই অনুভূতিকেই আমি বহুতে “অ’ৰা” বা “উৰ্জা” বুলি কওঁ।

আধুনিক নিউৰ’ছায়েন্সৰ মতে, এই উৰ্জা কোনো অলৌকিক শক্তি নহয়; ই হৈছে আপোনাৰ ,মোৰ মগজু তথা মন আৰু আচৰণৰ এক প্ৰতিফলন।

যেতিয়া আত্মবিশ্বাসেৰে খোজ কাঢ়ে, সঁচা কথা কয়, হাঁহে, আনক সন্মান কৰে আৰু নিজৰ লক্ষ্যত অটল থাকে, তেতিয়া আপোনাৰ/আমাৰ মগজুৱে ড’পামিন, চেৰ’ট’নিন আৰু অক্সিট’চিনৰ দৰে ইতিবাচক ৰাসায়নিক পদাৰ্থ নিঃসৰণ কৰে। এইবোৰেই আপোনাৰ কণ্ঠস্বৰক দৃঢ়, চকুক উজ্জ্বল, মুখমণ্ডলক প্ৰশান্ত আৰু ব্যক্তিত্বক আকৰ্ষণীয় কৰি তোলে।

কিন্তু তাৰ বিপৰীতে যেতিয়া ভয়, হতাশা, অসত্য, ঈৰ্ষা বা আত্মসন্দেহে মন ভৰাই তোলে, তেতিয়া মগজুৱে কৰ্টিছলৰ দৰে চাপ-সৃষ্টিকাৰী হৰম’ন উৎপন্ন কৰে। ফলত আমাৰ শক্তি কমি যায়, আত্মবিশ্বাস দুৰ্বল হয়, আৰু সেই উজ্জ্বল অ’ৰাও ম্লান হৈ পৰে।

মনত ৰাখিব লগা কথা এটাই যে—
অ’ৰা মুখত সৃষ্টি নহয়, মনতহে সৃষ্টি হয়।
উৰ্জা সাজ-পোছাকত নাথাকে, চৰিত্ৰত থাকে।
আৰু ব্যক্তিত্ব জন্মগত নহয়, ই প্ৰতিদিনৰ অভ্যাসৰ ফলশ্ৰুতিত গঢ় লৈ উঠে।

সেয়েহে, যদি আমি পৃথিৱীখনক সলনি কৰিব বিচাৰোঁ, প্ৰথমে নিজৰ মগজু, নিজৰ চিন্তা আৰু নিজৰ আচৰণ সলনি কৰিব লাগিব। কাৰণ সকলোতকৈ শক্তিশালী অ’ৰা সেইজনৰেই, যিজনে নিজৰ মনক জয় কৰিব পাৰিছে।

12/07/2026

IMG_2009

08/07/2026
MUNS 555 HEALING WORLD তৰফৰ পৰা ৩,৪ আৰু ৫ জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়।কৰ্মশালা বিষয় আ...
08/07/2026

MUNS 555 HEALING WORLD তৰফৰ পৰা ৩,৪ আৰু ৫ জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে এখনি কৰ্মশালা অনুষ্ঠিত হৈ যায়।
কৰ্মশালা বিষয় আছিল--
Inner child healing আৰু
Personal Inner Healing.
এই কৰ্মশালাত বিভিন্ন অঞ্চলৰ দূৰ-দূৰণীৰ পৰা অহা শিক্ষাৰ্থী আৰু জেষ্ঠসকলে অংশগ্ৰহণ কৰিছিল। দুই চাৰিগৰাকী শিক্ষয়িত্ৰীয়েও কৰ্মশালাত অংশগ্ৰহণ কৰিছিল। অংশগ্ৰহণকাৰীসকলে একেমুখে স্বীকাৰ কৰিছে তেওঁলোক সঁচাঅৰ্থত উপকৃত হোৱাৰ কথা।
কৰ্মশালাৰ বিষয় বিশেষজ্ঞ আছিল--
ড: নৱজ্যোতি নাথ (গুৱাহাটী)আৰু
নিৰ্মালি শইকীয়া (দুলীয়াজান)
প্ৰতিজন শিশুৰ বাবে ,প্ৰতিজন জেষ্ঠ্যৰ বাবে এই কৰ্মশালা আদি সময়ত অতিকে প্ৰয়োজনীয়।
অফলাইনত কৰা এই কৰ্মশালা অসমত প্ৰথম আৰু দুলীয়াজানতে আৰম্ভণি বুলি ড: নৱজ্যোতি নাথ ছাৰে আমাক জনাইছে।
সকলোৰে বাবে প্ৰয়োজনীয় এনে ক্লাছ বা কৰ্মশালাৰ প্ৰতি আগ্ৰহী লোকে এই নম্বৰত যোগাযোগ কৰিব পাৰিব---9101175761
কৰ্মশালাত লগ পোৱা সকলো জনলৈ আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ 🙏

Address

AS Apartment
Duliajan
78662

Website

Alerts

Be the first to know and let us send you an email when MUNS 555 Healing WORLD posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share