Kalgachia BPHC

Kalgachia BPHC Government Health Organisation

18/07/2026
16/07/2026
প্ৰতিটো মাহৰ ৯ তাৰিখত পালন কৰা হয় ‘প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA)কাইলৈ, অৰ্থাৎ ৯ তাৰিখে, সকলো গৰ্ভৱতী মা...
08/07/2026

প্ৰতিটো মাহৰ ৯ তাৰিখত পালন কৰা হয় ‘প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA)

কাইলৈ, অৰ্থাৎ ৯ তাৰিখে, সকলো গৰ্ভৱতী মাতৃসকলক নিজৰ নিকটৱৰ্তী PMSMA কেন্দ্ৰত উপস্থিত হৈ বিনামূলীয়াকৈ গৰ্ভকালীন স্বাস্থ্য পৰীক্ষা, প্ৰয়োজনীয় লেবৰেটৰী পৰীক্ষা, চিকিৎসকৰ পৰামৰ্শ, উচ্চ-ঝুঁকিপূৰ্ণ গৰ্ভধাৰণ চিনাক্তকৰণ আৰু অন্যান্য মাতৃ স্বাস্থ্য সেৱাসমূহ গ্ৰহণ কৰিবলৈ আন্তৰিক আহ্বান জনোৱা হৈছে।

সুস্থ মাতৃ, সুস্থ শিশু—এয়াই আমাৰ অংগীকাৰ।

আহক, প্ৰতিটো মাহৰ ৯ তাৰিখত PMSMA-ত অংশগ্ৰহণ কৰি নিৰাপদ মাতৃত্ব নিশ্চিত কৰোঁ।

#সুৰক্ষিত_মাতৃত্ব

জাপানীজ এনচেফেলাইটিছ (JE)ৰ বিৰুদ্ধে সজাগ হওঁ, সুৰক্ষিত থাকোঁ
05/07/2026

জাপানীজ এনচেফেলাইটিছ (JE)ৰ বিৰুদ্ধে সজাগ হওঁ, সুৰক্ষিত থাকোঁ

🦟 জাপানী এনকেফেলাইটিছ (JE) এক গুৰুতৰ ৰোগ, কিন্তু সময়মতে চিকিৎসা ল'লে জটিলতা ৰোধ কৰিব পাৰি।যদি জ্বৰ, মূৰৰ বিষ, বমি, অথবা...
11/06/2026

🦟 জাপানী এনকেফেলাইটিছ (JE) এক গুৰুতৰ ৰোগ, কিন্তু সময়মতে চিকিৎসা ল'লে জটিলতা ৰোধ কৰিব পাৰি।
যদি জ্বৰ, মূৰৰ বিষ, বমি, অথবা অসামান্য আচৰণ দেখা যায়, তেন্তে দেৰি নকৰি নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰত যোগাযোগ কৰক অথবা আশা বাইদেউৰ সৈতে তৎক্ষণাত যোগাযোগ কৰক।
সচেতন হওঁক, সুৰক্ষিত থাকক।
:::

09/06/2026

প্ৰধান মন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA) – ১০ বছৰীয়া যতনৰ এক সুৰক্ষিত মাতৃত্ব
প্ৰধান মন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান (PMSMA)-ৰ ১০ বছৰীয়া সফল যাত্ৰা উপলক্ষে কলগছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সকলো চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত বিশেষভাৱে গৰ্ভৱতী মহিলাসকলৰ প্ৰাক-প্ৰসৱকালীন স্বাস্থ্য পৰীক্ষা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
এই অভিযানৰ জৰিয়তে মুঠ ১,৫৬০ জনী গৰ্ভৱতী মহিলাৰ প্ৰাক-প্ৰসৱকালীন (ANC) স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰা হয়। পৰীক্ষাৰ সময়ত ৫২৬ গৰাকী গৰ্ভৱতী মহিলাক উচ্চ বিপদাশংকাপূৰ্ণ (High Risk Pregnancy) হিচাপে চিনাক্ত কৰা হয়। এই মহিলাসকলক প্ৰয়োজনীয় চিকিৎসা পৰামৰ্শ, নিয়মীয়া অনুসৰণ (follow-up) আৰু উন্নত চিকিৎসা সেৱাৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
প্ৰধান মন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ মূল উদ্দেশ্য হৈছে গৰ্ভৱতী মহিলাসকলক গুণগত মানসম্পন্ন প্ৰাক-প্ৰসৱকালীন স্বাস্থ্যসেৱা প্ৰদান কৰা, মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা আৰু উচ্চ বিপদাশংকাপূৰ্ণ গৰ্ভাৱস্থা সময়মতে চিনাক্ত কৰি উপযুক্ত চিকিৎসা ব্যৱস্থা নিশ্চিত কৰা।
কলগছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ স্বাস্থ্যকৰ্মী, চিকিৎসক আৰু আশাকৰ্মীসকলৰ সমন্বিত প্ৰচেষ্টাৰ ফলত এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰা সম্ভৱ হৈছে। ভৱিষ্যতেও মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষাৰ বাবে এনে জনকল্যাণমূলক স্বাস্থ্যসেৱা অব্যাহত থাকিব।

World Population Day
11/07/2025

World Population Day

Address

Barpeta
781319

Website

Alerts

Be the first to know and let us send you an email when Kalgachia BPHC posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share