04/07/2026
অভিভাৱকসকলৰ বাবে গুৰুত্বপূৰ্ণ টিকাকৰণ তথ্য
🤰 গৰ্ভৱতী মহিলাৰ বাবে
Td-1
• গৰ্ভাৱস্থাৰ আৰম্ভণিতে দিব লাগে
• ড’জ: 0.5 ml
• পদ্ধতি: Intramuscular (IM)
• স্থান: বাহুৰ ওপৰৰ অংশ
Td-2
• Td-1ৰ 4 সপ্তাহ পিছত
• ড’জ: 0.5 ml
• পদ্ধতি: IM
• স্থান: বাহুৰ ওপৰৰ অংশ
Td Booster
• যদিহে পূৰ্বৱৰ্তী গৰ্ভাৱস্থাত 3 বছৰৰ ভিতৰত 2 ড’জ Td লৈছে
• ড’জ: 0.5 ml
• পদ্ধতি: IM
• স্থান: বাহুৰ ওপৰৰ অংশ
👶 জন্মৰ সময়ত
BCG
• বয়স: জন্মৰ সময়ত
• সৰ্বাধিক বয়স: 1 বছৰ
• ড’জ: 0.05 ml (1 মাহলৈ), 0.1 ml (1-12 মাহ)
• পদ্ধতি: Intradermal (ID)
• স্থান: বাওঁ ওপৰ বাহু
• সুৰক্ষা দিয়ে: যক্ষ্মা (TB)
Hepatitis B Birth Dose
• জন্মৰ 24 ঘণ্টাৰ ভিতৰত
• ড’জ: 0.5 ml
• পদ্ধতি: IM
• স্থান: বাওঁ উৰুৰ আগফাল
• সুৰক্ষা দিয়ে: Hepatitis-B
OPV-0
• জন্মৰ পৰা 15 দিনৰ ভিতৰত
• ড’জ: 2 টোপাল
• পদ্ধতি: মুখেৰে
• সুৰক্ষা দিয়ে: Polio
👶 6, 10 আৰু 14 সপ্তাহ
OPV-1, OPV-2, OPV-3
• 2 টোপালকৈ
• মুখেৰে
• Polio ৰ পৰা সুৰক্ষা
Pentavalent-1,2,3
• 0.5 ml
• IM
• বাওঁ উৰু
• Diphtheria, Pertussis (Whooping Cough), Tetanus, Hepatitis-B আৰু Hib ৰোগৰ পৰা সুৰক্ষা
fIPV-1 আৰু fIPV-2
• 0.1 ml
• ID
• সোঁ ওপৰ বাহু
• Polio ৰ পৰা সুৰক্ষা
PCV-1 আৰু PCV-2
• 0.5 ml
• IM
• সোঁ উৰু
• Pneumonia, Meningitis আদি Pneumococcal ৰোগৰ পৰা সুৰক্ষা
Rotavirus Vaccine
• 5 টোপাল
• মুখেৰে
• ডায়েৰিয়া/গভীৰ পানীলগা ৰোগৰ পৰা সুৰক্ষা
👶 9-12 মাহ
MR-1
• 0.5 ml
• SC
• সোঁ ওপৰ বাহু
• হাম (Measles) আৰু Rubella ৰ পৰা সুৰক্ষা
JE-1
• 0.5 ml
• IM
• সোঁ উৰু
• Japanese Encephalitis ৰ পৰা সুৰক্ষা
PCV Booster
• 0.5 ml
• IM
• বাওঁ উৰু
fIPV-3
• 0.1 ml
• ID
• বাওঁ ওপৰ বাহু
👶 16-24 মাহ
MR-2
• 0.5 ml
• SC
• সোঁ ওপৰ বাহু
JE-2
• 0.5 ml
• IM
• সোঁ উৰু
OPV Booster
• 2 টোপাল
• মুখেৰে
DPT Booster-1
• 0.5 ml
• IM
• বাওঁ উৰু
👦👧 5-6 বছৰ
DPT Booster-2
• 0.5 ml
• IM
• ওপৰ বাহু
👧👦 10 বছৰ
Td
• 0.5 ml
• IM
• ওপৰ বাহু
👧👦 16 বছৰ
Td
• 0.5 ml
• IM
• ওপৰ বাহু
গুৰুত্বপূৰ্ণ তথ্য
তলৰ ৰোগসমূহৰ বাবে টিকা উপলব্ধ আছে, কিন্তু সাধাৰণতে চৰকাৰী নিয়মীয়া শিশুৰ টিকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্ত নহয় আৰু অধিকাংশ চৰকাৰী স্বাস্থ্য কেন্দ্ৰত নিয়মীয়াকৈ উপলব্ধ নহয়—
1️⃣ Influenza (Flu)
💉 বাৰ্ষিক Flu Vaccine
✔️ ঋতুগত জ্বৰ, শৰীৰ বিষ, Pneumonia আদিৰ জটিলতাৰ পৰা সুৰক্ষা
2️⃣ Typhoid
💉 Typhoid Conjugate Vaccine / Oral Typhoid Vaccine
✔️ দূষিত খাদ্য আৰু পানীৰ জৰিয়তে হোৱা টাইফইড জ্বৰৰ পৰা সুৰক্ষা
3️⃣ Hepatitis-A
💉 2 ড’জ Hepatitis-A Vaccine
✔️ যকৃতৰ সংক্ৰমণৰ পৰা সুৰক্ষা
4️⃣ Varicella (Chickenpox)
💉 Chickenpox Vaccine
✔️ Chickenpox আৰু পিছৰ জীৱনত Shingles ৰ আশংকা হ্ৰাস কৰে
✅ চৰকাৰী স্বাস্থ্য কেন্দ্ৰত উপলব্ধ HPV Vaccine
HPV (Human Papillomavirus) Vaccine
💉 Gardasil 4
👧 লক্ষ্য গোট: 14-15 বছৰৰ ছোৱালী
28 ফেব্ৰুৱাৰী 2025ৰ পৰা চৰকাৰী স্বাস্থ্য ব্যৱস্থাত উপলব্ধ
✔️ জৰায়ুমুখৰ কেন্সাৰ (Cervical Cancer) প্ৰতিৰোধত সহায় কৰে
✔️ HPV ভাইৰাছৰ সংক্ৰমণৰ পৰা সুৰক্ষা দিয়ে
💙 সকলো অভিভাৱকলৈ অনুৰোধ
আপোনাৰ সন্তানৰ বয়স অনুসৰি চৰকাৰী টিকাকৰণ সূচী সম্পূৰ্ণ কৰক। সময়মতে টিকাকৰণে শিশুক বহু গুৰুতৰ আৰু জীৱন-সংকটজনক ৰোগৰ পৰা সুৰক্ষা দিয়ে।
নিকটৱৰ্তী স্বাস্থ্য কেন্দ্ৰ, UPHC, BPHC অথবা স্বাস্থ্যকৰ্মীৰ সৈতে যোগাযোগ কৰি টিকাকৰণ সম্পৰ্কীয় অধিক তথ্য লাভ কৰক।
DIO OFFICE DIBRUGARH District Health Society NHM Dibrugarh District Administration Dibrugarh National Health Mission,Assam