05/06/2026
আজি বিশ্ব পৰিবেশ দিৱস।এই দিবসৰ তাৎপৰ্য এয়ে যে মানুহৰ মাজত গছ গছনি তথা পৰিৱেশ সংৰক্ষণৰ কাৰণে সজাগতা সৃষ্টি কৰা। আজিকালি আমি লক্ষ্য কৰিছো যে গৰম দিনে দিনে বাঢ়ি গৈ আছে। বতৰৰ কোনো ঠিক নোহোৱা হৈছে । ইয়াৰ প্ৰধান কাৰণটো হৈছে গোলকীয় উষ্ণতা বৃদ্ধি Global warming। আজি আমি নিজৰ সুবিধাৰ কাৰণে গছ গছনি কাটি তহিলং কৰিছো,যাৰ ফলত প্ৰকৃতিৰ ভাৰসাম্য হেৰাই গৈছে।
গছ ৰোপণ কৰিলে আমাৰ কি লাভ হয়?
১.উষ্ণতা নিয়ন্ত্ৰণ: বায়ুমণ্ডলৰ পৰা ক্ষতিকাৰক কাৰ্বন ডাই অক্সাইড গেছ সুহি লয় আৰু আমাক উশাহ লবলৈ অক্সিজেন দিয়ে।গছৰ পৰিমাণ বাঢ়িলে উষ্ণতা আপোনা আপুনি কমিব।
২.বৰষুণ আৰু পানীৰ উৎস:গছ গছনিয়ে বতৰ সজীৱ কৰি
ৰাখে আৰু বৰষুণ হোৱাত সহায় কৰে।
আহক আমি সকলোৱে এটা সংকল্প লও।
১. কেৱল ফটো উঠিবৰ কাৰণে নহয় সঁচাকৈ অন্ততঃ এটা হলেও গছপুলি ৰোপণ কৰো।
২.পুলিটো ৰুই তাক নিজৰ সন্তানৰ নিচিনা প্ৰতিপালন কৰো আৰু সুৰক্ষা কৰোঁ।
৩.প্লাষ্টিকৰ ব্যৱহাৰ যিমান পাৰি কম ব্যবহাৰ কৰো আৰু আমাৰ ঘৰ দুৱাৰ আৰু চুবুৰীটো পৰিষ্কাৰকৈ ৰাখো।
মনত ৰাখিব । প্ৰকৃতি থাকিলেহে থাকিম। আহক আমাৰ অনাগত প্ৰজন্মৰ কাৰণে এখন ধুনীয়া পৃথিৱী উপহাৰ দিও।
environment Day trees eart # Global warming awareness