Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati

  • Home
  • India
  • Gauhati
  • Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati

Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati OPD no Room No( Kayachikitsa), GACH

This department mainly deals with the non surgical illnesses which comes under the umbrella of Medicine dept.The Department is comprised of 18 PGT under the supervision of four highly experienced Faculty Members.

ঃঃকঁ‌কালৰ বিষৰ আয়ুৰ্বেদিক চিকিৎসাঃঃযোৱা কিছুদিন আগতে প্ৰচণ্ড কঁকালৰ বিষত  জয়মতী দাস নামৰ ৭০ বছৰৰ এগৰাকী মহিলা ৰোগী চৰকাৰ...
23/02/2022

ঃঃকঁ‌কালৰ বিষৰ আয়ুৰ্বেদিক চিকিৎসাঃঃ

যোৱা কিছুদিন আগতে প্ৰচণ্ড কঁকালৰ বিষত জয়মতী দাস নামৰ ৭০ বছৰৰ এগৰাকী মহিলা ৰোগী চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কায়াচিকিৎসা বিভাগৰ বহিঃ বিভাগলৈ আহে।তেওঁৰ ককালৰ প্ৰচণ্ড বিষ।গা অৱশ হৈ থাকে। খোজ কাঢ়িব নোৱাৰে, বহিঃবিভাগলৈ অহা সময়ত তেখেতক wheel chair ত লৈ অনা হৈছিল, বিষত ককবকাই আছিল। এনেবোৰ বহু সমস্যা।সুধি গম পালো তেখেতে বহুবাৰ পৰিছে।গুৱাহাটীৰ বহু নাৰ্ভৰ ডাঃ ক দেখুৱালে ।MRI কৰিলে আৰু সকলোৱে operation কৰাৰ পৰামৰ্শ দিলে।operation কৰিবলৈ ভয় খাই তেওঁ অয়ুৰ্বেদিক মহাবিদ্যালয় পালে।তেখেতৰ MRI চাই(তলত সংলগ্ন কৰিলো) দেখিলো যে কঁকালৰ বিভিন্ন অংশত ডিস্ক prolapse আছে লগতে কঁকালৰ হাড় বোৰ ক্ষয় হৈছে।পৰীক্ষা নিৰীক্ষা কৰি তেখেতক ডাঃ বিষ্ণু প্ৰসাদ শৰ্মা ছাৰৰ তত্ত্বাৱধান আৰু স্নাতকোত্তৰ ডাক্তৰ সমূহৰ দেখৰেখত আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ কায়াচিকিৎসা বিভাগত ভৰ্ত্তি হবলৈ দিয়া হ'ল। পঞ্চকৰ্ম চিকিৎসাৰে কটি বস্তি,বিৰেছন, মাত্ৰা বস্তি,নাডী শ্বেদ আদি বিভিন্ন পদ্ধতি লগতে খোৱা ঔষধ দি প্ৰায় ২ সপ্তাহৰ ভিতৰত ৰোগী জন বহু সুস্থ হৈ নিজে খোজ কাঢ়ি ঘৰলৈ উভতিল।উভতি যোৱাৰ সময়ত তেখেতৰ মুখত আৰু কথাত সন্তুষ্টি দেখা গ'ল। যোৱাৰ সময়ত তেখেতে কৈ যোৱা কথা অলপ আপোনালোক আগত আগবঢ়ালো । সকলোৱে অনুপ্ৰাণিত হ'ব বুলি আশা থাকিল।

09/09/2021

Few words from the patients suffering from chronic liver disease. # দীৰ্ঘ দিনীয়া যকৃত জন্য বেমাৰত ভুগা ৰোগীৰ পৰা আয়ুৰ্বেদ চিকিৎসাৰ বিষয়ে দুআশাৰ।

08/09/2021

Success story of Dept of Kayachikitsa

আয়ুৰ্বেদ আৰু দেহৰ শোধন(body purification) বৰ্তমান এই যান্ত্ৰিক পৃথিৱীখনত নিজকে সময়ৰ লগত খাপ খুৱাই  চলিবলৈ প্ৰতিটো মূহুৰ্...
04/09/2021

আয়ুৰ্বেদ আৰু দেহৰ শোধন(body purification)

বৰ্তমান এই যান্ত্ৰিক পৃথিৱীখনত নিজকে সময়ৰ লগত খাপ খুৱাই চলিবলৈ প্ৰতিটো মূহুৰ্ততেই প্ৰতিজন ব্যক্তিয়েই কেৱল মাথোঁ দৌৰি আছে আৰু দৌৰি আছে। মানুহে সফলতাৰ চৰম শিখৰ পাইছেগৈ। কিন্তু তাৰ বাৱে অৱহেলিত হৈছে মানুহৰ মন আৰু স্বাস্থ্য। আধুনিক জীৱনশৈলী, বিলাসিতা, খাদ্যাভ্যাস আৰু চিন্তাধাৰাই লাহে লাহে গ্ৰাস কৰি পেলাইছে মানুহৰ শাৰীৰিক আৰু মানসিক সুস্বাস্থ্যতা। গোটেই পৃথিৱীখন ভৰি পৰিছে কেৱল ৰোগেৰেই। আজিৰ পৰা ৫০ বছৰ আগতে যিবোৰ ব্যাধি বেচিকৈ কেৱল বৃদ্ধ বয়সত দেখা দিছিল আজিকালি ২০ বছৰ নহওতেই এই ৰোগবোৰ আৰম্ভ হয় যেনে- সন্ধিবাত( osteoarthritis), নাৰ্ভৰ সমস্যা(scietica), উচ্চৰক্তচাপ( hypertension) , হৃদৰোগ (heart disease) আদি। আজিকালি সমাজত বেছি সংখ্যাক ব্যক্তিয়ে মধুমেহ(diabetes), সন্তানহীনতা, মেদবহুলতা, pcod ,কিডনীৰ সমস্যা, লিভাৰৰ চৰ্বি বৃদ্ধি,থাইৰইডৰ সমস্যা, গাঁ‌ঠিৰ বিষ, ছালৰ সমস্যা, মানসিক বিকাৰ, অতি চিন্তা, নিদ্ৰাহীনতা কোনোবা নহয় কোনোবা ৰোগত ভূগি থকা দেখা যায়। ইয়াৰ প্ৰধান কাৰণ হৈছে বৰ্তমান সময়ৰ প্ৰভাৱত মানুহৰ শৰীৰ আৰু মন বোৰ বিষাক্ত হৈ পৰিছে। তাৰ ফলত শৰীৰৰ অংগ প্ৰত্যংগ সমূহ বিকলাংগ হৈ পৰিছে আৰু ৰোগৰ উৎপত্তি হৈছে।

আয়ুৰ্বেদ চিকিৎসাত এই সমস্যা সমাধানৰ অতি সহজ আৰু সৰল উপায় উল্লেখ কৰিছে। যাৰ সহায়ত আমি সময় থাকোতেই শৰীৰ আৰু মন শোধন কৰি বেমাৰৰ পৰা আঁতৰি থাকিব পাৰো। আয়ুৰ্বেদ চিকিৎসাত শৰীৰৰ শোধন নকৰাকৈ কোনো ঔষধি দিয়া নহয়। এয়াই আয়ুৰ্বেদিক চিকিৎসাৰ বিষেশত্ব।

বিভিন্ন ধৰনৰ শোধন প্ৰক্ৰিয়াৰ ভিতৰৰ কেইটামান বিশেষ শোধন প্ৰক্ৰিয়া আজি ইয়াত উল্লেখ কৰিম-

১)উপৱাসঃ বৰ্তমানৰ সময়ত সতেজ সুষম আহৰৰ সলনি ফাষ্ট ফুড, মাছ-মাংস, চৰ্বীযুক্ত খাদ্য, ফাৰ্মাণ্টেড খাদ্য, পেকেত খাদ্য(য'ত সংৰক্ষণৰ বাবে বিভিন্ন ৰাসায়নিক পদাৰ্থ মিহলি কৰা হয়)ৰ ব্যাৱহাৰ অতি বেছি দেখিৱলৈ পোৱা যায়। যিবোৰ খাদ্যবস্তু হজম হবলৈ বহু সময় লাগে আৰু শৰীৰৰ বাবে ক্ষতিকাৰক হয়। যেতিয়া এই খাদ্যবস্তু বোৰ ওপোৰা ওপৰিকৈ খোৱা হয়, খাদ্যৰ অৱশিষ্ট ভাগ হজম ৰৈ গৈ আম ৰ সৃষ্টি কৰে। কালক্ৰমত এই আম গৈ আমবিষৰ ৰূপ ধাৰণ কৰে আৰু ৰোগৰ উৎপত্তি কৰে। সপ্তাহত যেতিয়া এদিনকৈ উপৱাস ৰখা হয়, সেই সময়খিনিত আমাশয়ে জিৰনী পায় আৰু হজম শক্তি বৃদ্ধি হয়, অপাচিত খাদ্য ভাগৰও পাচন হয়। উপৱাস শৰীৰ শোধনৰ অতি সহজ কিন্তু বহু ফলপ্ৰসূ প্ৰক্ৰিয়া। উপৱাসৰ ঠিক পাচতেই কেতিয়াও গুৰু আহাৰ গ্ৰহণ কৰিব নালাগে,তাৰ পৰিৱৰ্তে লঘু আহাৰ ,গৰম পানী আদিৰ ব্যাৱহাৰ কৰিব লাগে

২) দীপনঃ এই প্ৰক্ৰিয়াত প্ৰথমতে কিছুমান এনে ঔষধি দিয়া হয় যাৰ ফলত ব্যক্তি জনৰ হজম শক্তি বৃদ্ধি পায়। শৰীৰ সুস্থ হৈ চলিবলৈ আহাৰ হজম হোৱাৰ নিতান্তই প্ৰয়োজনীয়। আনকি ঔষধ হজম হবলৈও উত্তম হজম শক্তিৰ অতি প্ৰয়োজন, হজম ঠিক নহ'লেই আটাইবোৰ metabolic disease ৰ আৰম্ভণি হয়। গৰম পানী, আদা, জালুক, চিত্ৰক আদিৰে নিৰ্মিত আয়ুৰ্বেদিক ঔষধি সমূহৰ সুফল অতি বেছি। সপ্তাহৰ এটা দিন উপৱাস ৰাখিলে ইয়াৰ ফল আৰু সোনকালে পোৱা যায়।

৩)পাচনঃ এই প্ৰক্ৰিয়াত কিছুমান এনে ঔষধি ব্যৱহাৰ কৰা হয় যিয়ে শৰীৰৰ ভিতৰত জমা হোৱা অপাচিত খাদ্যভাগ হজম কৰাত সহায় কৰে। যেনেকৈ ভাত বাহি হৈ গলে সি পচি গৈ দুৰ্গন্ধময় আৰু বিষাক্ত হৈ পৰে ঠিক তেনেদৰেই শৰীৰৰ খাদ্যভাগ সঠিক সময়ত হজম নহলেই বিষ ৰূপ ধাৰণ কৰে আৰু শৰীৰত বিভিন্ন ৰোগৰ সৃষ্টি কৰে। পাচন প্ৰক্ৰিয়াৰে আমি ইয়াৰ পৰা আঁতৰি থাকিব পাৰো।

৪) বমনঃ এই প্ৰক্ৰিয়াৰ দ্বাৰা আমি শৰীৰৰ উৰ্ধ ভাগ অৰ্থাৎ মুখ মণ্ডলৰ পৰা আৰম্ভ কৰি আমাশয় লৈ থকা অলাগতীয়াল তথা বিষাক্ত পদাৰ্থ সমূহ নিৰ্গত কৰি তাৰ শোধন কৰা হয়। ইয়াৰ দ্বাৰা সঘনে হৈ থকা গেষ্টাইটিচৰ সমস্যা,GERD, ছালৰ সমস্যা,মেদবহুলতা আদিৰ পৰা উপশম পোৱা যায়।

৫) বিৰেচনঃ এই প্ৰক্ৰিয়াৰ দ্বাৰা আমি শৰীৰৰ অধো ভাগ অৰ্থাৎ আন্ত্ৰৰ পৰা পায়ুলৈকে থকা অলাগতীয়াল বিষাক্ত পদাৰ্থ সমূহৰ শোধন কৰা হয়। ইয়াৰ দ্বাৰা সঘনে হৈ থকা কৌষ্ঠকাঠিন্যতা, মুত্ৰাশয়, জননাংগৰ বিভিন্ন সমস্যা, বাত বিষ, ছালৰ ৰোগ আদিৰ পৰা উপশম পাব পাৰি।

‌৬) নৎস্যঃ এই প্ৰক্ৰিয়াত নাকৰ বিন্ধাৰে বিশেষ নিয়ম মানি কিছুমান ঔষধি তেল অথবা ক্বাথ দ্ৰব্য প্ৰেৰণ কৰা হয়। আয়ুৰ্বেদত নাক মস্তিষ্কৰ লগত চিধা সংযোগ থকা বুলি কোৱা হয়, সেয়েহে মস্তিষ্কৰ আৰু তাৰ লগত জড়িত অংগ সমূহৰ শোধনৰ বাবে নৎস্য উত্তম বুলি কোৱা হয়। মানসিক বিকাৰ, মগজুৰ বিকাৰ, মূৰৰ বিষ, চৰ্দি(sinusitis) আদিত ইয়াৰ সুফল দেখিবলৈ পোৱা যায়।

‌৭)অঞ্জনঃ এই প্ৰক্ৰিয়া চকুৰ শোধনৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াত কিছুমান এনে ঔষধি ব্যৱহাৰ কৰা হয় যিয়ে চকুৰ ভিতৰত জমা হোৱা মল সমূহ নিৰ্গত কৰি চকুৰ তৰ্পন কৰাই দৃষ্টি শক্তি বৃদ্ধি কৰে।

‌৮) স্নেহন আৰু স্বেদন- এই প্ৰক্ৰিয়াত প্ৰথমতে সৰ্বশৰীৰ ঔষধিযুক্ত তেলেৰে ভালদৰে মালিচ কৰা হয় তাৰ পাচত গোটেই শৰীৰটোত গৰম সেক দিয়া হয়। এনে কৰিলে শৰীৰত জমা হোৱা অলাগতীয়াল বিষাক্ত পদাৰ্থ ভাগ গলিত হয় আৰু গৰম সেকৰ বাবে ছালৰ ঘৰ্মগ্ৰন্থি বোৰ খোল খাই যায়, যাৰ দ্বাৰা শৰীৰৰ অলাগতীয়াল পদাৰ্থৰ কিছু অংশ ছালেৰে নিৰ্গত হয়।

এনেকৈয়ে আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত শৰীৰৰ শোধন(body peurification)ৰ বিষয়ে বিষদ ভাবে আলোকপাত কৰা হৈছে। প্ৰতিটো অংগ ৰ বাবে বিশেষ শোধন, প্ৰতিটো বেমাৰৰ বাবে বিশেষ শোধন উল্লিখিত আছে। যেনেকৈ কাপোৰ লেতেৰা হলে তাক ধুব লাগে, মেচিনত মামৰ লাগিলে তাত তেল দি চাফা কৰিব লাগে, ঠিক তেনেকৈয়ে শৰীৰক অলাগতীয়াল পদাৰ্থ সমূহৰ পৰা ৰক্ষা কৰিবলৈ শোধন কৰিব লাগে। সময়ে সময়ে এই সহজ-সৰল শোধন প্ৰক্ৰিয়াবোৰ কৰি থাকিলেই আপুনি বহু মাৰত্মক ব্যাধিৰ পৰা আঁতৰি থাকিব পাৰিব। এই শোধন প্ৰক্ৰিয়াৰ দ্বাৰা এজন নিৰোগী ব্যক্তি সদায় নিৰোগী হৈ থাকিব পাৰে আৰু ৰোগী ব্যক্তিৰ ৰোগ নিৰ্মূল হ'ব পাৰে। কিন্তু মনত ৰাখিব সকলো চিকিৎসাৰে এটা সঠিক সময় থাকে, ৰোগ যেতিয়া অতি পুৰণি হৈ যায় তাক নিৰ্মূল কৰা অতি কঠিন হৈ পৰে। সেয়েহে ৰোগৰ আৰম্ভণিতেই আপোনালোকে অভিজ্ঞ চিকিৎসকৰ ওচৰ চাপিব আৰু ৰোগৰ ভয়াবহতাৰ পৰা আঁতৰি থাকিব।

ডাঃ দুলুমণি কলিতা
আয়ুৰ্বেদিক চিকিৎসক
ফোন নং ৮৬৩৮৭৪৯৪৯৪

কিটিভ কুষ্ঠ/ PsoriasisPsoriasis হৈছে  এটি ব্যাপক ভাবে দেখা দিয়া গুৰুত্বপূৰ্ণ ছালৰ ৰোগ। এই ৰোগ যদি এবাৰ দেখা দিয়ে তাৰ প...
03/09/2021

কিটিভ কুষ্ঠ/ Psoriasis
Psoriasis হৈছে এটি ব্যাপক ভাবে দেখা দিয়া গুৰুত্বপূৰ্ণ ছালৰ ৰোগ। এই ৰোগ যদি এবাৰ দেখা দিয়ে তাৰ পৰা পৰিত্ৰাণ পাবলৈ বহু কষ্টকৰ হৈ পৰে। ফলত ৰোগী সকল শাৰীৰিক আৰু মানসিক ভাবে হতাশ হৈ পৰে আৰু নিজকে সমাজৰ পৰা আঁতৰাই ৰাখিলৈ চেষ্টা কৰে। এই বেমাৰ বিধক Autoimmune Disease বুলি আধুনিক চিকিৎসা বিজ্ঞানে বিবেচনা কৰে। ইয়াৰ লক্ষণ সমূহ হৈছে শৰীৰৰ ছাল দেখাত মাছৰ বাকলি দৰে হৈ শুকান হৈ ছাল উঠি যোৱা , ই অতি সোনকালে এটা ঠাইৰ পৰা আন এটা ঠাইলৈ বিয়পি পৰে আৰু সৰ্বশৰীৰতেই ব্যাপ্ত হৈ পৰে, খজুৱতি ইয়াৰ এটা প্ৰধান লক্ষণ, কেতিয়াবা খজুৱাতিৰ পাচত তেজ ওলোৱা বা পুজ ওলোৱাও দেখা যায় , আদি । ই দেখাত বহুত অসহনীয় লগতে অসহ্যকৰ হয় সেইবাবে ৰোগীয়ে মানসিক চাপত ভোগা দেখা যায় আৰু সমাজৰ সন্মুখতও হীনমন্যতাত ভোগে। ই দেখাত ভয়ংকৰ যদিও ইজনৰ পৰা সিজনলৈ নিবিয়পে।
আয়ুৰ্বেদিক পদ্ধতিত ইয়াৰ সু চিকিৎসা হয়, এই ব্যধিক মূল সহ নিৰ্মূল কৰাৰ বাবে চিকিৎসা কৰা হয়, ইয়াত ব্যবহৃত ঔষধৰ পাৰ্শ্বক্ৰিয়া ও অতি সিমিত। এই সপ্তাহত আমাৰ কায়াচিকিৎসা / medicine বিভাগত চিকিৎসা হোৱা এগৰাকী ৰোগীৰ ফটো চেয়াৰ কৰিছোঁ।
ফোন no- +918930275372, +916001068338

There will be free  Bone Mineral Density (BMD) test along with diet yoga advice in KC OPD tomorrow morning on 12.08.2021...
11/08/2021

There will be free Bone Mineral Density (BMD) test along with diet yoga advice in KC OPD tomorrow morning on 12.08.2021
👉Osteoarthritis, osteoporosis musculoskeletal disorders( joint pain ) patients can approach for the benefit.
👉Venue:
Kayachikitsa (KC -4)OPD,
Government Ayurvedic College and Hospital, Jalukbari

11/08/2021

Address

Gauhati
781014

Opening Hours

Monday 8am - 2pm
Tuesday 8am - 2pm
Wednesday 8am - 2pm
Thursday 8am - 2pm
Friday 8am - 2pm
Saturday 8am - 2pm

Telephone

+918638211399

Website

Alerts

Be the first to know and let us send you an email when Dept. Of Kayachikitsa Govt. Ayurvedic College and Hospital Guwahati posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share