Dr. Toufiqur Rahman

Dr. Toufiqur Rahman Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Dr. Toufiqur Rahman, Medical and health, Lakhimpur, Lakhimpur district.
(2)

মই ডাক্তৰ তৌফিকুৰ ৰহমানৰ
আপোনাক আৰু আপোনাৰ পৰিয়ালক সুস্থ কৰি ৰখাটোৱেই মোৰ মূল লক্ষ্য।
(Disclaimer): এই চেনেলত দিয়া তথ্যসমূহ কেৱল সজাগতাৰ বাবেহে। যিকোনো ঔষধ বা চিকিৎসা গ্ৰহণ কৰাৰ আগতে মোৰ সৈতে (চিকিৎসক) ব্যক্তিগতভাৱে পৰামৰ্শ কৰাটো বাধ্যতামূলক।"

পেটৰ চৰ্বি কেৱল দেখাত মোটা হোৱা বুলি ভাবিছে নেকি? আচলতে পেটৰ ভিতৰত জমা হোৱা অতিৰিক্ত চৰ্বি, বিশেষকৈ visceral fat, শৰীৰৰ ...
20/08/2026

পেটৰ চৰ্বি কেৱল দেখাত মোটা হোৱা বুলি ভাবিছে নেকি?

আচলতে পেটৰ ভিতৰত জমা হোৱা অতিৰিক্ত চৰ্বি, বিশেষকৈ visceral fat, শৰীৰৰ বাবে চিন্তাৰ কাৰণ হ’ব পাৰে।

ইয়াৰ ফলত—
✅Type-2 Diabetes ৰ Risk বাঢ়িব পাৰে
✅ High Blood Pressure ৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে
✅ Heart Disease ৰ Risk বৃদ্ধি পাব পাৰে
✅Fatty Liver হোৱাৰ সম্ভাৱনা বাঢ়িব পাৰে
✅ Cholesterol আৰু metabolic problems ৰ আশংকা বৃদ্ধি পাব পাৰে

সেয়ে কেৱল ওজন কমোৱাৰ কথা নহয়—পেটৰ অতিৰিক্ত চৰ্বি কমোৱাটোও স্বাস্থ্যৰ বাবে গুৰুত্বপূৰ্ণ।

আপোনাৰ কৰণীয় 👇👇👇
🥗 সুষম খাদ্য
🚶 নিয়মিত খোজ কঢ়া/ব্যায়াম
😴 পৰ্যাপ্ত টোপনি
🚭 ধূমপান আৰু তামাক পৰিহাৰ
🍬 চেনি আৰু অতিপ্ৰচেছড খাদ্য কমোৱা

আপোনাৰ পেটৰ চৰ্বি বেছি নেকি? Comment কৰি “YES” লিখক। 👇

19/08/2026

ফেটি লিভাৰ কিয় হয়? আৰু কেনেকৈ ভাল কৰিব পাৰি (Fatty Liver Solution)

খালী পেটত চাহ খোৱাটো সকলোৰে বাবে সমান ক্ষতিকাৰক নহয়, কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে।☕ খালী পেট...
19/08/2026

খালী পেটত চাহ খোৱাটো সকলোৰে বাবে সমান ক্ষতিকাৰক নহয়, কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে।

☕ খালী পেটত চাহ খালে কি হ’ব পাৰে?

✅এচিডিটি আৰু বুকু জ্বলা — চাহৰ caffeine-এ কিছুমান মানুহৰ gastric acid বৃদ্ধি কৰি অস্বস্তি বা heartburn বঢ়াব পাৰে।

✅পেটৰ অস্বস্তি — খালী পেটত চাহ খালে nausea, পেট বিষ বা গেছৰ অনুভূতি হ’ব পাৰে।

✅কঁপনি বা অস্থিৰতা — বেছি caffeine-ৰ ফলত কিছুমান মানুহৰ হাত কঁপা, anxiety বা হৃদস্পন্দন বেছি হোৱা অনুভৱ হ’ব পাৰে।

✅শৌচৰ সমস্যা — caffeine-এ bowel movement উদ্দীপিত কৰিব পাৰে; সংবেদনশীল লোকৰ ক্ষেত্ৰত পেট ঢিলা হ’ব পাৰে।

✅Iron absorption কমিব পাৰে — চাহৰ polyphenol-এ খাদ্যৰ non-heme iron শোষণ কমাব পাৰে। সেয়েহে বিশেষকৈ iron deficiency থকা লোকৰ বাবে আহাৰৰ লগে লগে চাহ খোৱাটো ভাল নহয়।

✅ কেনেকৈ খালে ভাল?

ৰাতিপুৱা উঠি প্ৰথমে পানী, তাৰ পিছত কিবা স্বাস্থ্যকৰ খাদ্য/জলপান খাই চাহ খাব পাৰে। আৰু মূল আহাৰৰ পৰা প্ৰায় ১–২ ঘণ্টা আঁতৰত চাহ খোৱাটো iron absorption-ৰ ক্ষেত্ৰত ভাল।

মনত ৰাখিব: “খালী পেটত চাহ = নিশ্চিতভাৱে ক্ষতিকাৰক” বুলি কোৱা ঠিক নহয়। যদি চাহ খোৱাৰ পিছত acidity, পেট বিষ, বুকু জ্বলা বা অস্থিৰতা হয়, তেন্তে খালী পেটত চাহ এৰাই চলক।

18/08/2026

Thyroid কিয় হয়? What is Thyroid?
থাইৰইড হলে কি কৰিব
থাইৰইডৰ ঘৰুৱা উপায়।
thyroid kio hoi
thairoid kio hoi
thyroid kenekoi vhal koribo

ৰাতি ভৰি জিনজিন কৰে? এই কথাটো জানেনে?✅ৰাতি শুবলৈ গ’লেই ভৰি বা হাতত জিনজিন… কেতিয়াবা অসাড় যেন লাগে?✅বহুতে কয়—‘হয়তো অল...
18/08/2026

ৰাতি ভৰি জিনজিন কৰে? এই কথাটো জানেনে?

✅ৰাতি শুবলৈ গ’লেই ভৰি বা হাতত জিনজিন… কেতিয়াবা অসাড় যেন লাগে?

✅বহুতে কয়—‘হয়তো অলপ সময় একে position-ত আছিলোঁ।’

✅সঁচা, কিন্তু সদায় এনেকুৱা হৈ থাকিলে? 🤔

✅Nerve compression, vitamin deficiency, diabetes-ৰ সৈতে জড়িত nerve problem, বা আন বহু কাৰণ থাকিব পাৰে।

✅বিশেষকৈ যদি জিনজিন কৰাৰ সৈতে—

✅দুৰ্বলতা, খোজ কঢ়াত সমস্যা, balance নথকা, বা অনুভূতি কমি যোৱা আৰম্ভ হয়, তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ।

✅আৰু যদি হঠাৎ শৰীৰৰ এটা ফাল অসাড় বা দুৰ্বল হৈ যায়, কথা ক’বলৈ সমস্যা হয়, মুখ বেঁকা হয়—এইটো emergency হ’ব পাৰে। তৎক্ষণাত জৰুৰী চিকিৎসা সহায় লওক।

✅সেয়ে প্ৰতিটো জিনজিন harmless বুলি নাভাবিব।

✅শৰীৰে signal দিয়ে—আমি সেই signal বুজিবলৈ শিকিব লাগিব।

17/08/2026

ভাত খোৱাৰ সময়ত যদি Extra নিমখ খায় তেন্তে কি ডাঙৰ ক্ষতি হয়?

আজিৰ দিনটো মোৰ বাবে আকৌ এবাৰ স্মৰণীয় হৈ ৰ’ল। ❤️📍 ১৬/০৮/২০২৬ — শিৱসাগৰ, নাজিৰাআজি নাজিৰালৈ আহিছিলোঁ মহিলাসকলৰ বাবে কিছু ...
16/08/2026

আজিৰ দিনটো মোৰ বাবে আকৌ এবাৰ স্মৰণীয় হৈ ৰ’ল। ❤️

📍 ১৬/০৮/২০২৬ — শিৱসাগৰ, নাজিৰা

আজি নাজিৰালৈ আহিছিলোঁ মহিলাসকলৰ বাবে কিছু কাপোৰ লৈ। সাধাৰণতে ঘৰত পিন্ধিবলৈ ব্যৱহাৰ কৰা কাপোৰ বহুতে ইতিমধ্যে পাইছে। সেয়েহে এইবাৰ অলপ বেলেগ ধৰণৰ কাপোৰ লৈ আহিলোঁ—যাতে আমাৰ আই মাতৃ,ভগ্নীসকলে এই কাপোৰ পিন্ধি বাহিৰলৈ ওলাই যাব পাৰে, আত্মবিশ্বাসেৰে ফুৰিব পাৰে। ❤️

এই সৰু প্ৰয়াসটো যদি কোনো এগৰাকী মহিলাৰ মুখত অলপ হাঁহি আনিব পাৰে, তেন্তে সেইটোৱেই আমাৰ বাবে আটাইতকৈ ডাঙৰ প্ৰাপ্তি। 🤲

Thank you, Sivsagorian! ❤️
আপোনালোকৰ ইমান সুন্দৰ Cooperation, মৰম আৰু সহায়-সহযোগিতা নাথাকিলে এই কাম সম্ভৱ নহ’লহেঁতেন।

শিৱসাগৰৰ মানুহৰ এই মৰম সদায় মনত থাকিব। 🙏❤️

মানুহৰ বাবে কৰা সৰু এটা কামেই কেতিয়াবা কাৰোবাৰ বাবে বহুত ডাঙৰ আনন্দ হৈ পৰে।
আহক, আমি সকলোৱে মিলি মানুহৰ কাষত থিয় দিওঁ। 🤝❤️

গেছৰ সমস্যাৰ বাবে বাৰে বাৰে medicine খাবলগীয়া হৈছে নেকি? 😳তেন্তে এই এটা অভ্যাস আজিৰ পৰাই আৰম্ভ কৰক । 👇👇👇👇😮1. খোৱাৰ পিছত...
16/08/2026

গেছৰ সমস্যাৰ বাবে বাৰে বাৰে medicine খাবলগীয়া হৈছে নেকি? 😳
তেন্তে এই এটা অভ্যাস আজিৰ পৰাই আৰম্ভ কৰক । 👇👇👇👇😮

1. খোৱাৰ পিছত ১০–১৫ মিনিট খোজ কাঢ়ক 🚶
লগে লগে শুই নপৰিব।

2. খাদ্য ভালদৰে চোবাই লাহে লাহে খাওক
অতি সোনকালে খালে পেটত বায়ু সোমাব পাৰে।

3. একেবাৰে বেছি পৰিমাণে নাখাব
কম পৰিমাণে, সময়মতে খাবলৈ চেষ্টা কৰক।

4. গেছ বঢ়োৱা খাদ্য চিনাক্ত কৰক
যেনে—অতি তেলীয়া খাদ্য, কোমল পানীয়, অতিমাত্ৰা মচলা আদি। সকলোৰে trigger একে নহয়।

5. ৰাতি খোৱাৰ পিছত অন্তত ২–৩ ঘণ্টা নুশুব 🌙
বিশেষকৈ acid reflux বা বুকু জ্বলা থাকিলে এই অভ্যাসটো গুৰুত্বপূৰ্ণ।

কিন্তু যদি সঘনাই গেছ হয়, বুকু জ্বলে, গিলিবলৈ অসুবিধা হয়, বমি হয় বা ওজন অস্বাভাৱিকভাৱে কমে, তেন্তে কেৱল ঘৰুৱা উপায়ৰ ওপৰত নিৰ্ভৰ নকৰি চিকিৎসকৰ পৰামৰ্শ লওক।

এইটো জানিলে উপকাৰী হ’ব পাৰে বুলি ভাবিলে Share কৰিব আৰু Follow কৰিব ❤️

Address

Lakhimpur
Lakhimpur District
787001

Alerts

Be the first to know and let us send you an email when Dr. Toufiqur Rahman posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share