18/05/2026
আজি Dr. Siddharth Saurav (পাটনা) আমাৰ HAYAT HEALTH CITY আগমন কৰি MGNSC (NURSING কলেজ) পৰিদৰ্শন কৰে। তেখেতে কলেজৰ শিক্ষামূলক পৰিবেশ, শৃংখলা আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলৰ যোগ্যতা দেখি অত্যন্ত আনন্দ প্ৰকাশ কৰে আৰু কলেজৰ উন্নতিৰ বাবে বহু মূল্যৱান পৰামৰ্শ আগবঢ়ায়।
HHC & কলেজ কৃতিপক্ষৰ তৰফৰ পৰা তেখেতক অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাৰে আন্তৰিক অভিনন্দন আৰু আদৰণি জনোৱা হয়।
অৱশেষত তেখেতে আমাৰ কলেজৰ উজ্জ্বল ভবিষ্যতৰ কামনা কৰে।
আমি HHC & কলেজ পৰিয়ালৰ তৰফৰ পৰা তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।