Sarathi Hospital

Sarathi Hospital Sarathi Hospital, Nalbari is a leading multispeciality hospital dedicated to providing advanced medical care with a patient-first approach.

Equipped with state-of-the-art technology and a team of experienced doctors and other paramedical staffs.

আজি নলবাৰী সত্ৰ শিৱ মন্দিৰ প্ৰাংগণত অতি ভক্তিপূৰ্ণ পৰিৱেশৰ মাজত পৱিত্ৰ শ্ৰী শ্ৰী গণেশ পূজা ভাগ অনুষ্ঠিত হয়। এই মাংগলিক অ...
13/09/2026

আজি নলবাৰী সত্ৰ শিৱ মন্দিৰ প্ৰাংগণত অতি ভক্তিপূৰ্ণ পৰিৱেশৰ মাজত পৱিত্ৰ শ্ৰী শ্ৰী গণেশ পূজা ভাগ অনুষ্ঠিত হয়। এই মাংগলিক অনুষ্ঠানত ডাঃ স্বাগতা বৈশ্য বাইদেউক বিশেষভাৱে আমন্ত্ৰণ জনোৱা হয় আৰু তেখেতে বন্তি প্ৰজ্বলক হিচাপে উপস্থিত থাকি পৱিত্ৰ অনুষ্ঠানৰ শুভাৰম্ভ কৰে। ধূপ-দীপ আৰু বৈদিক মন্ত্ৰোচ্চাৰণৰ মাজত বন্তি প্ৰজ্বলন কৰি তেখেতে উপস্থিত ভক্তপ্ৰাণ ৰাইজৰ উদ্দেশ্যি এটি অতি সাৰুৱা তথা প্ৰেৰণাদায়ী ভাষণ আগবঢ়ায়।
​ভাষণ প্ৰসংগত তেখেতে ভগৱান শ্ৰী গণেশৰ চৰণত মূৰ দোৱাই সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰে সু-স্বাস্থ্য, দীৰ্ঘায়ু আৰু শান্তিপূৰ্ণ জীৱনৰ বাবে আন্তৰিক প্ৰাৰ্থনা জনায় লগতে সমাজত ভাতৃত্ববোধ, ঐক্য আৰু ইতিবাচক চিন্তাৰ প্ৰসাৰ ঘটাবলৈ আহ্বান জনাই।

যোৱাকালি সাৰথি হাস্পাতালৰ সন্মানীয়া সঞ্চালিকা ড° স্বাগতা বৈশ্য বাইদেউ আৰু চিকিৎসা অধীক্ষক ড° বৰদা কান্ত শৰ্মা ছাৰে মাননী...
13/09/2026

যোৱাকালি সাৰথি হাস্পাতালৰ সন্মানীয়া সঞ্চালিকা ড° স্বাগতা বৈশ্য বাইদেউ আৰু চিকিৎসা অধীক্ষক ড° বৰদা কান্ত শৰ্মা ছাৰে মাননীয় মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক আনুষ্ঠানিকভাৱে সাক্ষাৎ কৰে। তেখেতৰ দৰে এগৰাকী দূৰদৰ্শী জননেতাক লগ পাই আমাৰ সমগ্ৰ সাৰথি পৰিয়াল সঁচাকৈয়ে অতিশয় আনন্দিত আৰু সন্মানিত বোধ কৰিছোঁ। এই গুৰুত্বপূৰ্ণ সাক্ষাতৰ সময়ছোৱাত মূলতঃ নলবাৰী জিলাৰ স্বাস্থ্যখণ্ডৰ সামগ্ৰিক উন্নয়ন, আন্তঃগাঁথনিৰ উত্তৰণ আৰু সাধাৰণ ৰাইজৰ বাবে সৰ্বোত্তম স্বাস্থ্যসেৱা সুনিশ্চিত কৰাৰ বিষয়ত বিশদভাৱে আলোচনা কৰা হয়। সাৰথি হাস্পাতালে কেনেদৰে জিলাখনৰ চিকিৎসা ব্যৱস্থাত এক ইতিবাচক পৰিৱৰ্তন আনিবলৈ চৰকাৰৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰি যাব পাৰে, সেই বিষয়েও তেখেতৰ সৈতে মত-বিনিময় কৰা হয়। আমি আশাবাদী যে এই ফলপ্ৰসূ আলোচনাই আগন্তুক দিনত নলবাৰীৰ স্বাস্থ্যখণ্ডক এক নতুন মাত্ৰা প্ৰদান কৰাৰ লগতে ৰাইজৰ সেৱাত সাৰথি হাস্পাতালক অধিক দায়বদ্ধতাৰে আগুৱাই যোৱাত অনুপ্ৰেৰণা যোগাব।
Jayanta Mallabaruah
Swagata Baishya

12/09/2026

অতি কম খৰচত সাৰথি হাস্পতালত ব্ৰেইনৰ এক জটিল অস্ত্ৰোপচাৰৰ জৰিয়তে মগজুৰ ষ্ট্ৰোক (Brain stroke) হোৱা এগৰাকী ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। ৰোগীগৰাকীৰ অৱস্থা সংকটজনক আছিল যদিও হাস্পতালখনৰ অভিজ্ঞ চিকিৎসকৰ দলটোৰ নিৰন্তৰ প্ৰচেষ্টা আৰু উন্নত চিকিৎসা সেৱাৰ ফলত এই সফলতা সম্ভৱ হৈছে। আটাইতকৈ উল্লেখনীয় কথাটো হ'ল যে এই সমগ্ৰ চিকিৎসা প্ৰক্ৰিয়াটো অতি সুলভ মূল্যত সম্পন্ন কৰা হৈছে। ৰোগীগৰাকীৰ পৰিয়ালৰ লোক হাস্পতালখনৰ এই সেৱা আৰু উন্নত মানদণ্ডৰ চিকিৎসাত অত্যন্ত সন্তুষ্ট।

11/09/2026

শেহতীয়াকৈ এটা ভয়ংকৰ বাইক দুৰ্ঘটনাত পতিত হৈ ভৰিত বহু ঠাইত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা এজন ৰোগী সাৰথি হাস্পাতালৰ অৰ্থ'পেডিক্স (হাড়ৰোগ) বিভাগৰ নিৰন্তৰ প্ৰচেষ্টা আৰু সফল চিকিৎসাত সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে। উন্নত মানদণ্ডৰ চিকিৎসা সেৱা আৰু দ্ৰুত আৰোগ্য লাভ কৰি ৰোগীগৰাকী বৰ্তমান অত্যন্ত সুখী আৰু সন্তুষ্ট। তেওঁৰ এই জটিল সময়ত সঠিক পথ প্ৰদৰ্শন আৰু সু-চিকিৎসাৰ বাবে ৰোগীগৰাকীয়ে বিশিষ্ট চিকিৎসক ডাঃ নিতেশ জাজোডিয়া ছাৰৰ লগতে সমগ্ৰ সাৰথি হাস্পাতাল কৰ্তৃপক্ষলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

10/09/2026

সাৰথি হাস্পতালৰ সুচিকিৎসাত নতুন জীৱন ঘূৰাই পালে মটৰ চাইকেলৰ খুন্দাত গুৰুতৰভাৱে আহত হোৱা এজন যুৱকে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পথতে পেলাই থৈ যোৱা অতি সংকটজনক অৱস্থাত থকা এই যুৱকজনক সাৰথি হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসকসকলৰ অশেষ চেষ্টা আৰু উন্নত চিকিৎসাৰ ফলত তেওঁক মৃত্যুৰ মুখৰ পৰা স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনা সম্ভৱ হ'ল। আজি ৰোগীগৰাকী সম্পূৰ্ণ সুস্থ হৈ হাঁহিমুখে নিজ ঘৰলৈ উভতি গৈছে। ৰোগীগৰাকীৰ পৰিয়ালৰ লোকসকল অতিশয় আনন্দিত আৰু তেওঁলোকে এই নতুন জীৱনৰ বাবে সাৰথি হাস্পতাল কৰ্তৃপক্ষ লগতে চিকিৎসা কৰা সকলো চিকিৎসকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।

Join our dedicated healthcare team at Sarathi Nalbari Multispeciality Hospital! We are currently hiring experienced Juni...
09/09/2026

Join our dedicated healthcare team at Sarathi Nalbari Multispeciality Hospital! We are currently hiring experienced Junior and Senior Nursing Staff, as well as Technicians, to support our state-of-the-art NABH-accredited facility. Positions are open across multiple critical departments, including CATHLAB, ICU/CCU/NICU, General Ward, Mother & Child Care, and Operation Theatre. If you hold a GNM/B.Sc. in Nursing or a relevant Technician Diploma/B.Sc., and have mandatory hands-on experience in these fields, this is your chance to advance your career with a team committed to exceptional patient care. Apply now by sending your resume to [email protected] or contact us at +91 6900223650!

09/09/2026

বিছাৰ কামোৰত গোটেই হাতত গুৰুতৰ ইনফেক্সন হৈ অৱশেষত সাৰথি হস্পিতালৰ সফল চিকিৎসাত সুস্থ হৈ উঠিছে বৰপেটাৰ এগৰাকী ৰোগী। বৰ্তমান ৰোগীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সম্পূৰ্ণ সুস্থিৰ আৰু তেওঁ হাঁহিমুখেৰে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতিছে। উন্নত মানদণ্ডৰ চিকিৎসা আৰু সুন্দৰ সেৱা আগবঢ়োৱাৰ বাবে ৰোগীগৰাকীয়ে সাৰথি হস্পিতালৰ চিকিৎসক আৰু কৰ্মচাৰীসকললৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

04/09/2026

সাৰথি হস্পিতালত পুনৰ এক সফল অস্ত্ৰোপচাৰ। শেহতীয়াকৈ পিচলি পৰি কঁকালৰ গাঁঠি ভঙা অৱস্থাত এগৰাকী ৰোগীক চিকিৎসালয়খনত ভৰ্তি কৰোৱা হৈছিল। ডাঃ নিতেশ জাজোদিয়াৰ নেতৃত্বত ৰোগীগৰাকীৰ এই অস্ত্ৰোপচাৰ সফলতাৰে সম্পন্ন কৰা হয়। অতি আনন্দৰ বিষয় যে বৰ্তমান ৰোগীগৰাকী সম্পূৰ্ণ সুস্থ আৰু তেওঁ পুনৰ নিজৰ ভৰিৰে খোজ কাঢ়িবলৈ সক্ষম হৈছে। চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত দ্ৰুত আৰোগ্য, উন্নত চিকিৎসা আৰু সুন্দৰ সেৱা লাভ কৰাৰ বাবে ৰোগীগৰাকীয়ে ডাঃ নিতেশ জাজোদিয়া আৰু সাৰথি হস্পিতালৰ সমগ্ৰ পৰিয়াললৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

সাৰথি হাস্পতালৰ সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে পৱিত্ৰ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱান শ্ৰীকৃষ্ণৰ কৃপ...
04/09/2026

সাৰথি হাস্পতালৰ সমগ্ৰ পৰিয়ালৰ তৰফৰ পৰা সকলোলৈকে পৱিত্ৰ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ভগৱান শ্ৰীকৃষ্ণৰ কৃপাত আপোনালোক সকলোৰে জীৱনলৈ সুস্বাস্থ্য, সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। ৰোগীসকলৰ দ্ৰুত আৰোগ্য আৰু এখন সুস্থ সমাজৰ বাবে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

Discover comprehensive, compassionate care for pain, mobility, and rehabilitation at Sarathi Pain & Palliative Care Cent...
11/08/2026

Discover comprehensive, compassionate care for pain, mobility, and rehabilitation at Sarathi Pain & Palliative Care Centre. With expert consultants and specialized services including interventional pain management, sports injury care, rheumatology, palliative care, osteoarthritis management, stroke rehabilitation, spinal cord injury rehabilitation, children’s rehabilitation, rehab surgery, and physiotherapy, we are committed to helping patients relieve pain, restore movement, improve quality of life, and regain independence. With consultations available every day, take a step towards better mobility and a more active, comfortable life.

Address

SARATHI HOSPITAL Nalbari-Hajo-Guwahati Road Khat
Nalbari
781335

Alerts

Be the first to know and let us send you an email when Sarathi Hospital posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share